কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰনী শইকীয়াৰ মহানুভৱতাঃ আহত বৰটোকোলাক চিকিৎসা কৰি এৰি দিলে বনত

 01/01/2022 - 15:23
 
 
কামপুৰঃ কামপুৰৰ প্ৰকৃত প্ৰেমী ধৰনী শইকীয়াৰ মহানুভৱতা। এটা আহত বৰ'টোকোলাক চিকিৎসা কৰি বনলৈ এৰিলে নৱবৰ্ষৰ পুৱাই। উল্লেখ্য যে কেইদিনমান আগতে কামপুৰ নগৰৰ ৰাস ফিল্ডৰ কাষত আহত অৱস্থাত এটা দুস্পাপ্য বৰ'টোকোলা উদ্ধাৰ কৰে কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰনী শইকীয়াই ।প্ৰকৃতি প্ৰেমী জনে বৰটোকোলাটো উদ্ধাৰ খাদ্য যোগান ধৰিছিল প্ৰকৃতি প্ৰেমীজনে। এইদৰে কেইবাদিনো চিকিৎসাৰ অন্তত বৰটোকোলাটো সুস্থ হৈ উঠাত আজি নববৰ্ষৰ প্ৰথমটো পুৱাতেই ইয়াক বনলৈ মুকলি কৰি দিয়া হয়। এই ক্ষেত্ৰত ধৰনি শইকীয়াই কয় যে কোনোও বনজ সম্পদক ধ্বংস নকৰি সংৰক্ষণতহে গুৰুত্ব দিব লাগে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।