মুখ্যমন্ত্ৰীৰ নতুন বছৰৰ প্ৰথমখন সংবাদমেল সম্বোধন, কি ক’লে মুখ্যমন্ত্ৰীয়ে....

 01/01/2022 - 16:46
 
 
নিউজ ডেস্কঃ কইনাধৰাত বছৰৰ প্ৰথমটো দিনত মুখ্যমন্ত্ৰী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। অসম চৰকাৰৰ তৰফৰ পৰা অসমবাসীক শুভেচ্ছা মুখ্যমন্ত্রীৰ। নতুন বছৰটো শক্তিশালী অসম হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ। সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় দ্বিতীয়বাৰৰ বাবে মিত্রজোঁটৰ চৰকাৰ হৈছে। প্রথমবাৰলৈ অকংগ্রেছী চৰকাৰ হৈছে। বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা এগৰাকী কেবিনেট মন্ত্রী পালে অসমে। ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এয়া গুৰুত্বপূৰ্ণ ঘটনা। বিনয় শইকীয়া, লাভলীনা বৰগোঁহাইয়ে বেলেগ পৰ্যালয়ৈ লৈ গ’ল অসমক।
 
বিজ্ঞান, সাহিত্যৰ দিশৰ পৰা অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ। ২০২১ বৰ্ষৰটো আমাৰ বাবে বেদনাৰ বৰ্ষও আছিল। কোভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা, আপোন মানুহক লৈ গ’ল। ৩১ ডিচেম্বৰৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই। দায়িত্ব লোৱাৰ পিছৰে পৰা জিডিপি দ্রুতগতিত আগবাঢ়িছে। সকলো সশস্ত্র সংগঠন মূল সূঁতিলৈ উভতি অহাটো আমাৰ বাবে ভাল লক্ষণ। চিভিল চছাইটি অফ ট্ৰাইবেল পিপ’লে এইক্ষত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ৩১খন কেবিনেট বৈঠক হ’ল ৮০০ সিদ্ধান্ত লোৱা হৈছে। বসুন্ধৰাৰ জৰিয়তে ৮ লাখ আবেদন আহিছিল। মিছন বসুন্ধৰাৰ জৰিয়তে ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে। ডি টি অ’ অফিচলৈ নোযোৱাকৈয়ে সকলো কাম কৰা হ’ব।৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণকৈ অনলাইন হ’ব পৰিবহণ বিভাগ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।