বৰপেটাত সমূহীয়া নামাজ সমাপন

 06/05/2019 - 16:45

বৰপেটা: মাজদিয়া, চেঙা, কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ সমাপন। আজি পবিত্ৰ ঈদ উল ফিতৰৰ উপলক্ষে নামনিৰ পূৱ বৰপেটা বৃহত্তম ঈদগাহ ময়দান মাজদিয়া, চেঙা, কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ সমাপন কৰা হয়। প্ৰায় ১২খন ৰাজহ গাঁৱৰ সন্মিলিত প্ৰায় বিশ হাজাৰ ধৰ্মীয় মুছলমানৰ উপস্থিতত সমূহীয়া নামাজৰ ইমামতি কৰে অসম ৰাজ্যিক জমিয়ত উলামা হিন্দৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে।

নামাজৰ অন্তত সমূহীয়া দোআত বিশ্ব মুছলমানৰ শান্তিৰ হকে আৰু ইয়াৰ মাজত থকা দুষ্কৃতিকাৰীসকলক মূল পথলৈ ঘূৰি অহিবলৈ আহ্বান জনায় লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় সম্প্ৰতি ৰক্ষা কৰি বিশ্ব শান্তিৰ বাবে মাহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰোপৰি তেওঁ সমগ্ৰ দেশৰ মুছলমান সমাজক ধৰ্মীয় মেৰু বিভাজন বাদ দি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰে দেশক আগবঢ়াই নিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।