অভিলেখ সৃষ্টি অসম গ্ৰন্থমেলাত, ৪ দিনত বিক্ৰী ১ কোটি টকাৰ গ্ৰন্থ

 01/03/2022 - 15:45
 
 
নিউজ ডেস্কঃ নতুন বছৰৰ পাতনিতে অভিলেখ সৃষ্টি হ’ল অসম গ্ৰন্থমেলাত৷ চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰৰ বাকৰিত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই যুটীয়াভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। প্ৰথম দিনা বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ।
 
দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫ লাখ টকাৰ গ্ৰন্থ। তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ। ইয়াৰোপৰি, উদ্যোগতা অসম প্ৰকাশক পৰিষদৰ বিপণিত বিক্ৰী হৈছে চাৰিটা দিনত চাৰিলাখ টকাৰ গ্ৰন্থ। গ্ৰন্থমেলাৰ ২৫ হাজাৰ টিকট বিক্ৰী হোৱাৰ বিপৰীতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে। অসম গ্ৰন্থমেলাত কেইবাখনো কিতাপে লাভ কৰিছে পাঠকৰ বিপুল সমাদৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।