01/03/2022 - 17:15
in
বাহাৰঘাটঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ল ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান কাৰ্যসূচী। তদুপলক্ষে নলবাৰীত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত গীতিমনি ফুকন, অতিৰিক্ত উপায়ুক্ত ফিৰদৌছ আলম শ্বেখ, যুতিয়া স্বাস্থ্য সঞ্চালকে ধৰি বহুতো বিষয়া কৰ্মচাৰী।
ইয়াৰ পিছত সমগ্ৰ নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়সমূহৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অন্তৰ্গত বৰখালাস্থিত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পোন্ধৰ বছৰৰ পৰা ওঠৰ বছৰৰ ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড ভেকচিন প্ৰদান কৰে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলে। বিদ্যালয় খনৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই চৰকাৰৰ এনে পদক্ষেপক প্ৰশংসা কৰে৷ উল্লেখযোগ্য বিদ্যালয়খনৰ পোন্ধৰ বছৰৰ পৰা ওঠৰ বছৰৰ মুঠ ৩০৫ গৰাকীক কভিড ভেকচিন লোৱাৰ ব্যৱস্থা কৰা হয় বুলি জনাই। আনহাতে আজি ২৫০ গৰাকীক দিবলৈ ভেকচিন দিবলৈ সক্ষম হব বুলি জানিব দিয়ে অধ্যক্ষ গৰাকীয়ে৷