মাজদিয়াত নৱ-জাগৰণ মঞ্চৰ উদ্যোগত ড্ৰাগছ আৰু অসামাজিক কাম-কাজৰ বিৰুদ্ধে সজাগতা সভা

 01/03/2022 - 19:05
 
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া চক-বজাৰত বেচৰকাৰী অনুষ্ঠান 'মাজদিয়া-গৰেমাৰী নৱ-জাগৰণ মঞ্চ'ৰ উদ্যোগত সোমবাৰে ড্ৰাগছ আৰু অসামাজিক কাম-কাজৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। মঞ্চৰ উপদেষ্টা তথা স্থানীয় সাংবাদিক তফিকুৰ ৰহমানে আঁত ধৰা সজাগতাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা মঞ্চৰ উপদেষ্টা চৈয়দ লতিফুৰ ৰহমানে।
 
মঞ্চৰ সম্পাদক আবিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাখনত মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাজদিয়াস্থিত আদৰ্শ বিদ্যাপীঠ আৰু গৰেমাৰী এম ই মাদ্ৰাছাৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সজাগতা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে উল্লেখ কৰে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙে। আৰক্ষী বিষয়াগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে- ড্ৰাগছৰ বেহা বা ব্যৱহাৰ লুকাই চুৰিকৈ, লোকচক্ষুৰ আঁৰত চলি থাকে বাবে ইয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন আৰু ৰাইজ একেলগে কাম কৰিব লাগিব।
 
আমি একেলগে কাম কৰিলে নিশ্চয় সমাজখনক মাদকদ্ৰব্যৰ পৰা মুক্ত কৰিব পাৰিম। ড্ৰাগছৰ লগতে অসামাজিক কাম-কাজত জৰিত লোকসকল সমাজবিৰোধী লোক। এই সমাজবিৰোধী শক্তিটোক উৎখাত কৰিবলৈ আমি একেলগে কাম কৰিবই লাগিব বুলিও মন্তব্য কৰে আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙে। আনহাতে মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমানে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণৰ মাজতেই এটি স্ব-ৰচিত কবিতা পাঠেৰে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
 
ইয়াৰ উপৰিও মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আলী হুছেইন, মাজদিয়াস্থিত আদৰ্শ বিদ্যাপীঠৰ প্ৰধান শিক্ষক নুৰুল ইছলামে ড্ৰাগছৰ লগতে অসামাজিক কাম-কাজৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে। মঞ্চৰ সভাপতি ৰাফেল কামৰাজৰ লগতে মঞ্চৰ সদস্যসকলৰ উপৰিও সজাগতাখনত উপস্থিত থাকে মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সম্পাদক মুকুট আলী আহমেদ, গৰেমাৰী এম ইমাদ্ৰাছাৰপ্ৰধানশিক্ষক হাৰুণাল ৰছিদ, পূব মাজদিয়া-গৰেমাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফাৰুক উদ্দিন আহমেদ, গৰেমাৰী গাঁৱৰ গাঁও প্ৰধান শ্বেখ ফৰিদ আলী, মাজদিয়া আৰক্ষী চকীৰ সহঃ উপ পৰিদৰ্শক হুছেইন আলী আহমেদ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।