গোসাঁইগাঁৱত বিজেপিৰ বিজয় সমদল

 06/05/2019 - 17:35

শ্ৰীৰামপুৰ: সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দেশত বিজেপি চৰকাৰে জয়লাভ কৰিবলৈ সক্ষম হয়। সেই আনন্দতে আজি গোসাঁইগাঁৱত এক বিজয় সমদল উলিয়াই বিজেপিৰ কৰ্মীসকলে। গোসাঁইগাঁও মণ্ডল বিজেপিৰ উদ্যোগত গোসাঁইগাঁও সদৰ চহৰত এই ৰেলী অনুষ্ঠিত কৰা হয়।

গোসাঁইগাঁও ৰে'ল ষ্টেচনৰ পৰা উলিওৱা বিজয় সমদল গোসাঁইগাঁও সদৰ চহৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি জয় ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।