01/05/2022 - 12:34
in
শালবাৰীঃ গ্ৰাম্যাঞ্চলৰ লোকসকলৰ বাবে এক সুখবৰ। অকল চহৰতেই নহয় এতিয়াৰে পৰা গাঁৱতো উপলব্ধ হ’ব অনলাইনৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাৰ এক ব্যৱস্থা। বাক্সা শালবাৰীৰ সাউদৰভিঠাত কেইজনমান যুৱকৰ প্ৰচেষ্টাত ইতিমধ্যে মুকলি কৰা হৈছে ব'নিক নামৰ এটা অনলাইন এপ এই এপটোৰ দ্বাৰা মোবাইল ব্যৱহাৰ কৰি ঘৰত বহিয়েই লব পাৰিব খাদ্যৰ জুটি।
যিসময়ত শিক্ষিত নিৱনুৱাসকলে এটা চাকৰি বিচাৰি হাবাথুৰি খাব লগা হৈছে তেনে সময়তে সাউদৰভিঠাৰ এইসকল যুৱকে নিজেই স্বাৱলম্বনৰ পথ বিচাৰি লোৱাৰ লগতে আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শ। এক ইতিবাচক চিন্তাৰে ইতিমধ্যে এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইসকল শিক্ষিত যুৱক। ইতিমধ্যে বাক্সা- বৰপেটাৰ বিভিন্ন প্ৰান্তত ব'নিক নামৰ এপটো সমাদৰ লাভ কৰিছে গ্ৰাহক ৰাইজৰ মাজত।