বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

 06/05/2019 - 17:51

বোকাজান: অহা ২০ জুন বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তিৰ সশ্ৰদ্ধ সোঁৱৰণেৰে তেখেতৰ ৫০ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হ'ব৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানতো বোকাজান আঞ্চলিক ছাত্ৰসন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত ব্লক বাকৰিত ৰাভা দিৱস আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পিতাম্বৰ চেতিয়াই সদৌ অসম ছাত্ৰসন্থাৰ পতাকা উত্তোলন, সাধাৰণ সম্পাদক অৰিন্দম মহন্তই শ্বহীদ তৰ্পণ আৰু জিলা ছাত্ৰসন্থাৰ সভাপতি ভৱজ্যোতি বৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ লগতে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চৰ্জোন হাঞ্চেই বৃক্ষৰোপণ কাৰ্যসূচীৰ মুকলি কৰিব৷

পুৱা ১০ বজাত চিত্ৰাংকন, কবিতা, আবৃতি, সংগীত, সৃষ্টিমূলক অসমীয়া আধুনিক নৃত্য আদি বিভিন্ন প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই৷ সন্ধিয়া ৭ বজাত গোলাঘাট জিলাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড• প্ৰণৱ ঢেকীয়াল ফুকনে স্মৰণিকা হেঙুলী ঊষা উন্মোচন কৰাৰ পাছতেই এইবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব৷

নিশা ৯ বজাত আমন্ত্ৰিত নাট্যদলৰ দ্বাৰা নাট প্ৰদৰ্শনেৰে বিষ্ণু ৰাভা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ অন্ত পৰিব৷ তদুপলক্ষে অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীৰ সফল ৰূপায়নত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজৰে সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।