মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱা নৱজাতকৰ উচিত তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট আছুৰ

 01/06/2022 - 15:43
 
 
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত আজি আছুয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কৰ্মত গাফিলতি কৰা চিকিৎসকৰ বিৰুদ্ধে উচিত ব্যৱস্থাৰ দাবী জনায়। আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত আছুৱে বিভিন্ন দল-সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উচিত তদন্তৰ দাবী জনোৱাৰ লগতে চিকিৎসালয়খনৰ আন্তঃগাঠনি উন্নতিকৰণৰো দাবী জনায়।
 
উল্লেখ্য যে, যোৱা ২ জানুৱাৰী তাৰিখে দুটিকৈ যমজ নৱজাতকে চিকিৎসকৰ গাফিলতিত কৰুণভাৱে মৃত্যুক আকোৱালি ল’বলগা হৈছিল। ইপিনে চিকিৎসালয়খনত দুৰ্নীতি অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নংলাই কুঁহিয়াবাৰী নিবাসী সন্দীপ ৰাইৰ পত্নী সুনীতা লিম্বু ৰাইৰ দুই যমজ পুত্ৰ সন্তানৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকৰ বিৰুদ্ধে উচিত তদন্ত কৰিবৰ বাবে দাবী জনায়। আনহাতে আজিৰ প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ন্যায়িক তদন্তৰ আশ্বাস প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।