ৰঙিয়াৰ তুলসীবাৰীৰ ঐতিহাসিক মাৰুলী থানৰ লাইখুটা স্থাপন

 01/06/2022 - 17:05
 
 
ৰঙিয়াঃ মাৰুলীথান" কামৰূপ জিলাৰ এক ঐতিহাসিক ধৰ্মীয় স্থান। এই ধৰ্মীয় স্থানত বছৰৰ এটা বিশেষ দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হেজাৰ-হেজাৰ ধৰ্মপ্ৰাণ ৰাইজ আহি থানখনত শৰাই আগবঢ়াই। তুলসীবাৰী, বৈদ্যগড়, তৰণি আদিকে কৰি কেইবাখনো গাঁৱৰ ৰাইজে ২৬ জানুৱাৰীৰৰ সেই বিশেষ দিনটোত ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সুন্দৰ ব্যৱস্থা কৰি আহিছে  জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰা এনে প্ৰস্তুতিৰ বাবে আজি অৰ্থাৎ সোমবাৰৰ দিনটোত লাইখুটা স্থাপন কৰা হয়।
 
মাৰুলীথানৰ আশে-পাশে থকা গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লাইখুটা স্থাপন কৰে। এক মাঙ্গলিক কাৰ্য্যসূচীৰে লাইখুটা স্থাপন কৰাৰ পিচত বিধায়ক গৰাকীয়ে অঞ্চৰটোৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি মাৰুলীথানৰ পবিত্র কাৰ্য্যসূচীত সকলোৰে সহযোগিতা বিচাৰে। গুৰুত্বপূৰ্ণ বিষয়টো হল যে ঐতিহাসিক মাৰুলীথানত শৰাই আগবঢ়ালে নিজৰ মনকামনা পুৰণ হয়। নিজৰ মনোকামনা পুৰণ কৰাৰ বাবে ৰাজ্যৰ বাবে বিভিন্ন প্ৰান্তৰ অগণন ভক্তই ২৬ জানুৱাৰীৰ বিশেষ দিনটোত মাৰুলীথানত উপস্থিত হৈ শৰাই আগবঢ়াই আহিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।