খৰি সংগ্ৰহ কৰিবলৈ গৈ বেঁকী নৈত সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

 01/06/2022 - 17:40
 
 
শালবাৰীঃ খৰি সংগ্ৰহ কৰিবলৈ গৈ বেঁকী নৈত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। নৈৰে উটি অহা খৰি সংগ্ৰহ কৰিবলৈ আহি খাৰিজা বিজনী-কাটাঝাৰ সংযোগী পথৰ বেকী নৈত সন্ধানহীন হৈছিল ব্যক্তিজন। মৃত ব্যক্তিজন বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত বালাৰভিঠা গাঁৱৰ প্ৰদীপ ক্ষত্ৰিয়। যোৱা ১৭ ডিচেম্বৰত তুলুঙা নাওঁৰে খৰি সংগ্ৰহ কৰি থাকোতেই হঠাৎ নাওঁখন ডুবি সন্ধানহীন হৈছিল লোকজন।
 
তাৰ পিছতেই বৰপেটাৰোড আৰক্ষীয়ে SDRF আৰু জুই নিৰ্বাপক বাহিনীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ সন্ধান চলাই ব্যৰ্থ হৈছিল। আজি হঠাতে ঘটনাস্থলীৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত এগৰাকী ব্যক্তিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তাৰ পিছত পৰিয়ালৰ সহযোগত উদ্ধাৰকৃত মৃহদেহটো প্ৰদীপ ক্ষত্ৰিয়ৰ বুলি নিশ্চিত কৰা হয়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।