01/07/2022 - 14:51
in
শালবাৰীঃ আজিৰে পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব বাক্সা জিলা এবছু(ABSU)ৰ বাৰ্ষিক অধিৱেশনখন। পুৱাই UPPLৰ জেষ্ঠ নেতা যোগেশ্বৰ বসুমতাৰীয়ে মুখ্য দুৱাৰৰ ফিটা কাটি লগতে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। আৰম্ভণিৰ লগে লগে বাগুৰুম্বা নৃত্য গীতেৰে মুখৰিত হৈ পৰে অধিৱেশনখন। বাক্সাৰ খাৰিজা বিজনী এবছুৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনখনত অংশগ্ৰহণ কৰিৰ জিলাখনৰ অন্তৰ্গত এবছুৰ ৩৩ খন আঞ্চলিক কমিটিয়ে। ইয়াৰোপৰি অধিৱেশনখনতে অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ হকে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও আলোচনাত মিলিত হ'ব ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়া তথা সদস্যসকল। এই কথা জানিবলৈ দিয়ে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।