ৰাজ্যত অব্যাহত চাউলৰ চোৰাং বেহা

 01/07/2022 - 15:56
 
 
অভয়াপুৰীঃ আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰেই বছৰ বছৰ ধৰি চলি আহিছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা।আজি অভয়াপুৰীৰ চেনিখোৱাত দুৰ্ঘটনাগ্রস্ত হয় চোৰাং চাউল কঢ়িওৱা বলেৰ’ পিকআপ বাহন। আৰু তাৰ পিছতেই চোৰাং চাউলৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে। AS 01 FC 3311 নংৰ বাহনখন দেওহাটি দিশৰ পৰা যোগীঘোপা দিশলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাগ্রস্ত হয়।
 
একাংশ তথাকথিত সাংবাদিক, সংগঠনৰ স্বয়ম্ভূ নেতাক মেনেজ কৰি এই দুৰ্নীতি চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰক্ষীৰ পৰা আৰম্ভ কৰি একাংশ সাংবাদিক, সংগঠনৰ স্বয়ম্ভূ নেতাক মেনেজ বছৰ বছৰ ধৰি দুষ্টচক্ৰই চলাই গৈছে এই ৰমৰমীয়া বেহা। এতিয়াও নিমাত জিলা প্ৰশাসন, নিমাত আৰক্ষী প্ৰশাসনৰ লগতে পৰিবহন বিভাগ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।