বাঘবৰৰ আলোপতিত ৰঙালাও খেতিৰে স্ব-নিৰ্ভৰশীলৰ চেষ্টা এজন খেতিয়কৰ

 01/07/2022 - 16:31
 
 
নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিত ৰঙালাও খেতিৰে স্ব-নিৰ্ভৰশীলৰ চেষ্টা কৰিছে এজন খেতিয়কে। চৰাঞ্চলৰ লোক সকলে খেতিৰ ওপৰত নিৰ্ভৰশীল যদিও এইবাৰ ৰঙালাও খেতিৰ ওপৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। খেতিয়ক জামাল মণ্ডলে জানিব দিয়া মতে তেখেতে ২২ বিঘা মাটিত কৰিছে ৰঙালাও খেতি।
 
জানিব পৰা মতে খেতি কৰাৰ বাবে প্ৰয়োজনীয় সাৰ খিনিও উচিত মূল্যতকৈও বেছি দামেৰে কিনিব লগা হোৱাত অধিক খৰছ হৈ পৰাত শংকাত ভুগিছে। মনত বহুত হেপাহৰে ৰঙালাও খেতি কৰিছে যদিও উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰিলে লোকচান হ'ব বুলিও ভয় কৰি আছে। সেয়ে কৃষকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বা উৎসাহিত কৰাৰ বাবে অতিৰিক্ত সাৰৰ মুল্য নিৰ্ধাৰণ কৰাৰ লগতে কৃষকৰ উদপাদিত ফচলবোৰ যাতে সঠিক দামত বিক্ৰী কৰিব পাৰে তাৰ বাবে চৰকাৰ তথা বিয়াগোম কৃষি বিভাগক কাতৰ আহ্বান জনায়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।