01/08/2022 - 13:45
in
শালবাৰীঃ বৰপেটাৰোডৰ সমীপৰ বাহঁবাৰীৰ পৰা নিৰুদ্দিষ্ট হৈছিল কিশোৰী গৰাকী। তাৰ পিছতে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ তৎপৰতাত কিশোৰী গৰাকীক পশ্চিমবংগৰ কলিকতাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰপেটাৰোডৰ বাঁহবাৰী গাঁৱৰ কমল আৰ্যৰ কিশোৰী গৰাকী যোৱা ৩০ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। তাৰ পিছতে উপায়ন্তৰ পিতৃয়ে বৰপেটাৰোড আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। সেইমৰ্মে বৰপেটাৰোড আৰক্ষীয়ে তদন্ত কৰি কিশোৰী গৰাকী কলিকতাত থকা বুলি নিশ্চিত হয়।
তাৰ পিছতে বৰপেটাৰোড আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক অমৃত কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল এটাক প্ৰেৰণ কৰে। অৱশেষত কিশোৰী গৰাকীক সুদুৰ কলিকতাৰ হাবৰা পুলিচ ষ্টেচনৰ অন্তৰ্গত কালিমন পাল নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি শুকুৰবাৰে নিশা কিশোৰী গৰাকীৰ লগতে অভিযুক্তকো আৰক্ষীয়ে ৰেলযোগে বৰপেটাৰোডলৈ লৈ আনে।