পশ্চিম ধেমাজিতো উদযাপন কৰা হয় পৰিবেশ দিৱস

 06/05/2019 - 18:52

গোগামুখ: আজি বিশ্ব পৰিবেশ দিৱস বা বিশ্ব পাৰিপাৰ্শ্বিক দিৱস। বিশ্বৰ ৰাষ্ট্ৰসংঘৰ দেশসমূহে আজি পালন কৰিছে বিশ্ব পৰিবেশ দিৱস। চলিত বৰ্ষৰ বিশ্ব পৰিবেশ দিৱসৰ ৰাষ্ট্ৰসংঘৰ শ্ল'গান 'প্ৰদূষণমুক্ত বিশ্ব'। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ ৰাজ্যসমূহত পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। সমান্তৰালভাৱে অসমতো ভিন্ন ঠাইত পালন কৰিছে পৰিবেশ দিৱস। আজি ধেমাজি জিলাৰ বিভিন্ন ঠাইৰ লগতে বৃহত্তৰ পশ্চিম ধেমাজিত পালন কৰিছে বিশ্ব পৰিবেশ দিৱস।

পশ্চিম ধেমাজিৰ গুয়েখনা যুৱ মঞ্চৰ উদ্যোগত আৰু স্থানীয় বিদ্যালয়ৰ অংগনবাদী কেন্দ্ৰ আৰু ইণ্ডো গ্ল'বেল চ'ছাইটি আৰু সতী ৰাধিকা গ্ৰাম্য সংগঠনৰ সহযোগত পশ্চিম ধেমাজি পিঠুচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে বিশ্ব পৰিবেশ দিৱস। পুৱা পতাকা উত্তোলনৰ পিছতে দুই শতাধিক গছপুলি ৰোপন কৰি নিকটৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজক লগতলৈ এক সজাগতামূলক শোভাযাত্ৰা কৰা হয়।

ধেমাজি জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ গুণগত মানদণ্ড অধিক ত্বৰাম্বিত কৰাৰ উদ্দেশ্যে সাহিত্য প্ৰতিযোগিতা, কবিতা আবৃত্তি, ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, স্মৃতি পৰীক্ষা আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।