01/09/2022 - 16:38
in
নিউজ ডেস্কঃ ১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অহা সোমবাৰ, ১০ জানুৱাৰীৰ পৰা অসমসহ উত্তৰ-পূবৰ ডিপোসমূহক ইথানলৰ মাত্ৰা বৃদ্ধি কৰা পেট্ৰল বিক্ৰীৰ নিৰ্দেশ প্ৰদান কৰিছে।
ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পেট্ৰল দেশৰ ভিতৰত প্ৰথম উত্তৰ-পূৰ্বাঞ্চলতে বিক্ৰী হব। ইয়াক লৈ ডিপো স্বত্তাধিকাৰীসকলে প্ৰতিবাদো সাব্যস্ত কৰিছে। উল্লেখ্য যে, ১০জানুৱাৰীৰ পৰা অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০শতাংশ ইথানল। এই সিদ্ধান্তৰ পাছতে সংকিত হৈ পৰিছে উত্তৰ-পূববাসী। কিয়নো সমগ্ৰ দেশত ২শতাংশৰ পৰা ৬.৭শতাংশ ইথানল মিহলিযুক্ত পেট্ৰলহে বিক্ৰী হৈ আছে।