06/05/2019 - 19:37
in
ওদালগুৰিঃ আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো উলহ-মালহেৰে পালন কৰা দেখা গল এই দিৱসটি। গছপুলি ৰোৱক ধৰণীক ৰক্ষা কৰক বাক্যশাৰী সৰোগত কৰি বুধবাৰে ওদালগুৰি জিলাৰ লালপুলস্থিত সীমান্ত সুৰক্ষা বাহিনী(এছএছবি)ৰ ২৩ নং বেটেলিয়েনৰ শিবিৰত জোৱান সকলে পালন কৰে বিশ্ব পৰিৱেশ দিৱস।
শিবিৰখনৰ ভিতৰত এছএছবিৰ জোৱানসকলে আম ,জাম,নাৰিকল আৰু বিভিন্ন পাহাৰীয়া কাঠৰ প্ৰায় ২৫০ জোপা গছপুলি ৰোপণ কৰি উদযাপন কৰে দিৱসটি। সমান্তৰালকৈ জোৱানসকলে হাতে-হাতে দা,কোৰ আদি লৈ কেম্পখনৰ চৌপাশ স্বচ্ছ আৰু নিকা কৰি ৰখাৰ স্বাৰ্থত চাফাই অভিযানত নামি পৰা দেখা যায় ।