01/09/2022 - 19:09
in
লাহৰিঘাটঃ ভূৰাগাঁও-নগাঁও সংযোগী গড়কাপ্তানী পথচোৱাত টেঙাগুৰি বজাৰৰ পশ্চিম ফালে থকা নৱ নিৰ্মিত দলংখনৰ কাম প্ৰায় ৯ বছৰ অতিক্ৰম কৰাৰ পাছত সম্পূৰ্ণ হৈছে যদিও ৰাইজক সুবিধাৰ পৰিৱৰ্তে অসুবিধাত হে পেলাইছে দলং খনৰ একমাত্ৰ ঠিকাদাৰ নিপুণ বৰাই। দলং খনৰে হাতীলৰুৱা, ফলিহামাৰি পথাৰ, ফলিহামাৰি পাম আদি কৰি কেইবাটা গাঁৱৰ ৰাইজৰ লগতে যান-বাহন ও স্কুলীয়া ছাত্ৰ-ছাত্ৰী যাতায়ত কৰে।
কিন্তু দলং খনৰ ৰেম সম্পূৰ্ণ নকৰাৰ বাবে যান-বাহন, সাধাৰণ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভুগিব লগীয়া হৈছে যমৰ যাতনা। ভুক্তভোগী ৰাইজে যমৰ যাতনা সহ্য কৰিব নোৱাৰি ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ৰাইজৰ একমাত্ৰ দাবী ৰেমখন যদি তিনি দিনৰ ভিতৰত সম্পূৰ্ণ নকৰে তেন্তে ভূৰাগাঁও ৰাজহ চক্ৰৰ সন্মুখত গণতান্ত্ৰিক আন্দোলন কৰাৰ সকীয়নি দিয়ে স্থানীয় ৰাইজে।