01/09/2022 - 19:46
in
নিউজ ডেস্কঃ এইবাৰ UPSC ৰ IES পৰীক্ষাত ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল তেজপুৰৰ অসীম গােস্বামীৰ। অসমী গােস্বামী তেজপুৰৰ কমাৰ চুবুৰি নিবাসী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিৰাজ মোহন গোস্বামী আৰু নিভা গোস্বামীৰ একমাত্ৰ সন্তান।
অসীম গোস্বামীয়ে UPSC ৰ অধীনৰ IES (ইণ্ডিয়ান ইঞ্জিনিয়াৰিং চাৰ্ভিছ) ৰ পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান গুৱাহাটীৰ নাৰেংগীস্থিত ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ এ ই জি চি এলৰ সহঃ প্ৰবন্ধক হিচাপে নিয়োজিত হৈ আছে। পূৰ্বতে এ পি ডি চি এলৰ এক অভিযান্ত্ৰিক পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰি সহকাৰী অভিযন্তা হিচাপে এ ই জি চি এলত যোগদান কৰিছিল।