বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

 01/10/2022 - 12:54
 
 
শালবাৰীঃ খাৰিজা বিজনী আঞ্চলিক এবছুৰ সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি মইনামাতা পথাৰত জাক জমকতাৰে আয়োজন কৰিছিল অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰে অধিৱেশন। বড়ো জনগোষ্ঠীয় নৃত্য-গীতেৰে মুখৰিত হৈ পৰে অধিৱেশন। অন্তিম দিনা বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।
 
সভাত এবছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি দীপেন বড়ো, অসমক চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি.টি.আৰ.ৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি বহুসংখ্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এবছুয়ে অনাগত দিনত ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষাৰ দিশেৰে আগুৱাই লৈ যোৱাৰ বিভিন্ন পৰিকল্পনা হাতত লোৱাৰ কথা ব্যক্ত কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।