01/10/2022 - 13:49
in
কামপুৰঃ কামপুৰৰ কচুৱাৰ লুটুমাৰীত ৰান্ধনি সন্থাৰ তীব্ৰ প্ৰতিবাদ। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ লগত জড়িত থকা ৰান্ধনি সকলৰ নাৰ্য্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদ কৰে দহখন বিদ্যালয়ৰ ৰান্ধনীসকলে। প্ৰতিবাদী ৰান্ধনীসকলে চৰকাৰ বিৰুধী শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে। প্ৰতিবাদ সকলে তেওঁলোকৰ মাননী বৃদ্ধি কৰি জীয়াই থকা পথ দিয়াৰ বাবে দাবী জনাই।
উল্লেখ্য যে ২০০৫ চনত বিদ্যালয়ৰ ৰান্ধনি হিচাবে নিযুক্তি লাভ কৰা এইসকল পুৰুষ-মহিলাই নিম্ন মানদণ্ডৰ মাননীৰে কাম কৰি আহিছে। যাৰ বাবে পৰিয়াল পোহপাল দিয়াত অসমৰ্থ হৈছে এওঁলোক। বিভিন্ন সময়ত ৰান্ধনীসকলৰ মাননী বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও কোনো সুফল নোপোত তীব্ৰ সমস্যাৰ মাজৰে দিন অতিবাহিত কৰিছে। সেয়ে অহা মাৰ্চৰ ভিতৰত মাননী বৃদ্ধিৰ দাবী জনাইছে।