01/10/2022 - 15:36
in
বটদ্ৰৱাঃ অসমৰ জনপ্ৰিয় কাব্য পত্রিকা 'আজিৰ কবিতাৰ' ৩২ সংখ্যক বৰ্ষপূতিৰ উপলক্ষে দেওবাৰ 'আজিৰ কবিতা', মেজাংকৰী প্ৰকাশন আৰু আলিপুখুৰী শাখা সাহিত্য সভাৰ সন্মিলিত উদ্যোগত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বঁটা প্ৰদান, সম্বৰ্ধনা, গ্ৰন্থ উন্মোচনী আৰু কাব্যানুষ্ঠান সম্পন্ন হয়|
বিশিষ্ট সমালোচক তথা কবি বিপুল শৰ্মাই সঞ্চালনা কৰা সভাখনৰ উদ্বোধন কৰে বিশিষ্ট কবি ৰুদ্ৰ সিংহ মটকে| কবিতা পাঠ, কবিতাৰ আলোচনা, গীতৰ সমাহাৰ ঘটা গাম্ভীৰ্যপূৰ্ণ সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ প্ৰাঃ সভাপতি দিল্স লক্ষ্মীন্দৰ সিংহ, ৰোণাল্ডো টাইদ, হেমেন ৰাজবংশী, দুলাল বৰা, ইন্দ্ৰমোহন বৰুৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে|
সভাখনত শতাধিক কবিয়ে কবিতা পাঠ কৰাৰ পিছতে দুই শতাধিক সাহিত্যপ্ৰেমীৰ অংশগ্ৰহণ কৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰতিবিম্ব লাইভৰ সঞ্চালক তফিক উদ্দিন আহমেদক সংবাদ সাধনা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোত বহুকেইজন লেখক-লেখিকাৰ গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে মাজুলীৰ যুৱ কবি তথা সাহিত্য সংগঠক শংকুসিদ্ধ নাথক আজিৰ কবিতা বঁটা ২০২১ৰ কাব্য প্ৰেৰণা বঁটা প্ৰদান কৰা হয়।