01/10/2022 - 17:14
in
হাটশিঙিমাৰীঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হাতীৰ আক্ৰমণ পৰ্যটকৰ বাহনত। পৰ্যটকৰ এখন জীপ বাহনখন যান্ত্ৰিক বিজুতি হোৱাত আবদ্ধ হৈ পৰিছিল ঘন জংঘলত। এই সুযোগতে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে বাগৰাব চেষ্টা কৰিছিল বাহনখনক। বাহনখনত নাছিল কোনো বন সুৰক্ষা কৰ্মী পিছত পিছে পিছে আহি থকা আন এখন পৰ্যটকৰ বাহনৰ সুৰক্ষা কৰ্মীয়ে গুলীচালনা কৰাতহে সেই স্থান ত্যাগ কৰে হাতীটোৱে।