ভেকচিনৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ, কিন্তু ক’ত?

 01/10/2022 - 17:32
 
 
নিউজ ডেস্কঃ অসমত আৰম্ভ হৈছে ভোগালী বিহুৰ প্ৰস্তুতি। কেইবাদিন আগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেজি আৰু ভেলাঘৰ সজাৰ কাম আৰম্ভ হৈছে। এইবাৰ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে ৰাইজৰ মাজত ক’ভিডৰ সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে একাংশ লোকে। ভেকচিনেই যে ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত জয়ৰ একমাত্ৰ অমোঘ অস্ত্ৰ সেই বাৰ্তা দিয়েই ভেকচিন প্ৰক্ৰিয়াৰ আৰ্হিতো সজা হৈছে ভেলাঘৰ। নগাঁও জিলাৰ ৰহাৰ আমনিশালীত শিল্পী ভগৱান সেনাপতিৰ উদ্যোগত সাজি উলিওৱা হৈছে এই আকৰ্ষণীয় ভেকচিন কাৰ্যসূচীৰ আৰ্হিৰ ভেলাঘৰ। শিল্পী সেনাপতিৰ নিপুণ হাতৰ পৰশত জীৱন্ত হৈ উঠিছে কোৰোণাৰ ভেকচিন দি থকা প্ৰক্ৰিয়াটো। লগতে কোৰোণাৰ বিৰুদ্ধে ভেকচিনেই যে একমাত্ৰ প্ৰতিৰোধ সেই ছবিও প্ৰাণ পাই উঠিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।