01/10/2022 - 19:01
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি একে দিনাই ১১টা আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই৷ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গামানী, চমাৰ দলনী, ২নং বালিজুৰি, ৰঙাচকুৱা, ভানুপুৰ, এদেনবাৰী, পহুচোৱা, চামধৰা, ওপৰ টলকাবাৰী কৰৈয়নী চাপৰি, হোলাকান মাজগাঁও, আদি এঘাৰখনকৈ গাঁৱত চৰকাৰে প্ৰতিটো আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ বিপৰীতে আগবঢ়োৱা পুঁজিৰে নিৰ্মাণ কৰিব লগা আটক ধুনীয়া গৃহসমূহৰ আধাৰশিলা স্থাপন কৰি আজি বিধায়ক গৰাকীয়ে নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে৷
শোনিতপুৰ জিলা সমাজকল্যাণ বিষয়া, নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, নদুৱাৰ খণ্ড উন্নয়ন বিষয়া, মূঢ়াদল জিলা পৰিসদৰ সদস্য, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত আধাৰশিলা অনুষ্ঠানসমূহৰ ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে এই আদৰ্শ অংগনৱাদী কেন্দ্ৰসমূহৰ প্ৰতিটোৰ বিপৰীতে আমাৰ চৰকাৰে ২৫ লাখ কৈ টকা আৱন্টন দিছে৷ ইয়াৰ গৃহসমূহ এক মাহৰ ভিতৰত আটকধুনীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব৷
একমাহৰ পিচত একেদিনাই মই এই এঘাৰটা আদৰ্শ অংগনৱাদী কেন্দ্ৰত কন কন শিশুসকলে খেলা-ধুলাৰ মাজেৰে শাৰিৰীক মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে শিক্ষাগ্ৰহণ কৰিব পৰা ধৰনে শুভাৰম্ভ কৰিম বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে৷ অনুষ্ঠানসমূহত বিধায়ক পদ্ম হাজৰিকাই নিজহাতে কণ কণ শিশুসকলৰ মাজত প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰে৷