কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সলনি হ’ব হাতী ছাফাৰীৰ সময়, সিদ্ধান্ত গ্ৰহণ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

 01/10/2022 - 19:31
 
 
নিউজ ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰীৰ সময় সলনি হ’ব। পূৰ্বনিৰ্ধাৰিত সময় অনুসৰি পুৱা ৫.৩০ ৰ পৰা হাতী ছাফাৰী আৰম্ভ হয় যদিও চৰকাৰৰ কোভিড এচ অ’ পি মতে পুৱা ৬ বজালৈকে সান্ধ্যআইন বাহাল থকাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ তদুপৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা প্ৰতিজন পৰ্যটকক ক’ভিড বিধি মানি প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত৷ তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্মচাৰী সকলকো চৰকাৰৰ নিৰ্দেশ অনুসৰি পৰীক্ষা কৰিব উদ্যান কৰ্তৃপক্ষই৷ পৰ্যটকক মাস্ক যোগান ধৰাৰ লগতে চেনিটাইজ কৰাৰো ব্যৱস্থা লৈছে সন্থাই৷ মুখ্যমন্ত্ৰীৰ প্ৰতি কাজিৰঙা জীপ ছাফাৰী সন্থাৰ কাতৰ অনুৰোধ লকডাউন নিদিব৷ আমাক জীয়াই থাকিবলৈ দিয়ক৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।