স্ব-গৃহলৈ উভতিল আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা/ বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ

 01/12/2022 - 14:41
 
 
 
 
ডুমডুমাঃ সুদীৰ্ঘ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁৱলৈ উভতিল আলফা শীৰ্ষ নেতা জীৱন মৰাণ। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ সংগ্ৰামী সতীৰ্থ জীৱন মৰাণে বিগত বৰ্ষতে ৰোগাক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহিছিল।
 
ম্যানমাৰত চলি থকা সামৰিক অভ্যুথানৰ জটিলতাৰ বাবে চিকিৎসা কৰিব নোৱাৰাৰ বাবে শিবিৰ ত্যাগ কৰিব লগীয়া হৈছিল বুলি মন্তব্য আগবঢ়ায়। কেবাটাও গোচৰত অভিযুক্ত আলফা নেতাজনে যোৱা কেইবামাহো কাৰাবাস খাটি অৱশেষত কালি জামিন লাভ কৰি নিজ গৃহলৈ উভতে। কালি নিশাটো ৰূপাইস্থিত বাসগৃহত থাকি আজি কাকপথাৰৰ উৱন গাঁৱৰ ওপজা গাঁৱলৈ যাত্ৰা আৰম্ভ কৰে। শান্তি আলোচনাৰ পোষকতা কৰা আলফা নেতাজনে ৩৪ বছৰীয়া সংগ্ৰামৰ বিষয়টো আতৰাই চলি আগন্তুক সময়ত স্পষ্ট কৰাৰো ইংগিত দিয়ে। নিজ গৃহ কাকপথাৰলৈ যোৱাৰ সংবাদমাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া আলফা নেতা, আলফা (স্বা) বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।