১৫ মাৰ্চত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

 03/13/2019 - 16:55

ডিজিটেল ডেস্ক: অসমত ১৫ মাৰ্চৰ ভিতৰত প্ৰকাশ পাব কংগ্রেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰকাশ কৰে যে অসমত দুটা ভাগত প্ৰকাশ পাব কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা। তেওঁ লগতে কয় যে পলমকৈ তালিকা প্ৰকাশ কৰাটো কংগ্ৰেছৰ পৰম্পৰা, প্ৰত্যেক সমষ্টিৰ পৰা তিনিজনকৈ প্ৰাৰ্থীৰ নাম কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি লৈ পেনেলত পঠোৱা হৈছে।

কিন্তু প্ৰাৰ্থীৰ তালিকাখন প্ৰায় চমুৱাই অনা হৈছে। দিল্লীৰ ২৪ আকবৰ ৰোডৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এই ঘোষণা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।