আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা, মাছ বজাৰত ভৰি পৰিছে বিভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ মাছ

 01/13/2022 - 12:31
 
 
বাইহাটা চাৰিআলিঃ আজি হ'ল ভোগৰ উৎসৱ ভোগালীৰ উৰুকা। ৰাজ্যৰ চৌদিশৰ মাছ বজাৰ ভৰি পৰিছে বিভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ মাছেৰে। উত্তৰ কামৰূপৰ অন্যতম বৃহৎ মাছৰ বজাৰ চাংসাৰিতো দেখা গ'ল বৃহৎ আকাৰৰ মাছ। উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ মানসেৰে চাংসৰি মাছ বজাৰ ভীৰ কৰিছে ক্ৰেটা বিক্ৰেটাৰে। উৰুকা বজাৰ হিচাপে মাছৰ দামৰ কিছু বেছি হলেও ক্ৰেটাই ক্ৰয় কৰিছে মাছ। অঞ্চলটোৰ ভিন্ন ঠাইৰ বিলৰ পৰা অহা মাছৰে ভৰি পৰিছে চাংসাৰি বজাৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।