টীয়ক: অসম তথা টীয়কৰ সু-সন্তান নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে নিযুক্ত অম্লান বৰাই বুধবাৰে টীয়কৰ ৰজাবাৰীৰ নীলমনি ফুকন বালিকা হাইস্কুলত আয়োজিত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৰাই তেওঁৰ ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলক ৩ টা বিষয়ৰ ওপৰত গুৰুত্ব দি আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়৷ শিক্ষা, উদ্যোগ, মানসিকতা এই তিনিটা দিশত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়৷
তেওঁ কয় যে শিক্ষাক এখন চাৰ্টিফিকেটৰ মাজত সীমাবদ্ধ কৰি আমি আনক নিজৰ বাবে সংস্থাপন বিচাৰিবলৈ দায়িত্ব দিওঁ৷ তেনে মনোবৃত্তি পৰিহাৰ কৰি উদ্যোগিক মানসিকতা গঢ় দি আমি আশে পাশে চাই বিপদৰ মাজেৰে এটা মূল্য আয়ত্ব কৰাটোহে বিচাৰ্য বিষয় বুলি উল্লেখ কৰে৷ ছ'চিয়েল মেডিয়া সৱল হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশত সৱল ব্যৱহাৰৰ মত পোষণ কৰে৷
তদুপৰি এটা শ্ল'গানেৰে দেশক ভালপোৱা নুবুজায় বুলি কোৱাৰ লগতে কামেৰেহে দেশক ভাল পোৱাক সূচায় বুলি তেওঁ মত দিয়ে৷ তেখেতে টীয়কক প্লাষ্টিকমুক্ত ঠাই হিচাপে বিশ্বৰ আগত পৰিচয় দিব পৰাকৈ গঢ় দিবলৈ পৰামৰ্শ আগবঢ়ায়৷
ব্যক্তিয়ে সুসংগঠিত হৈ এক উদ্দেশ্য লৈ কাম কৰি এটা সুস্থ পৰিৱেশ গঠনৰ জৰিয়তে এটা অঞ্চলৰ সৰ্বাংগীন বিকাশ সাধনৰ পৰামৰ্শ আগবঢ়ায়৷ ইয়াৰ উপৰি পুথিভৰাল গঠনত গুৰুত্ব দিবলৈ তেওঁ অনুৰোধ জনায়৷