চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

 01/13/2022 - 13:34
 
 
চাপৰঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কলগাচীয়াৰ পৰা সাপটগ্ৰাম অভিমুখে গৈ থকা অৱস্থাত আৰেয়াৰঝাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই সৰিয়হৰ পথাৰত বাগৰি পৰে। জানিব পৰা মতে ব্যক্তিজন কলগাচিয়া নবজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ সাহজাহান আলী আহমেদ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01-DU-4174। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে অধ্যক্ষ গৰাকীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।