বিমান বন্দৰত ভোগালীৰ ৰং

 01/13/2022 - 13:39
 
 
 নিউজ ডেস্কঃ ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ।
 
মেজিৰ কাষত খৰাহি আৰু ডলাৰে নিৰ্মিত এখন ডাঙৰ বাঁহৰ শৰাইত এটা বান বাটিত আখৈ, গুড় আদিৰ লগতে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা তিল পিঠা, তিলৰ লাৰু, আখৈ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰো প্ৰতিৰূপ যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শন কৰা হৈছে।
 
তাৰোপৰি ভোগালীৰ বিশেষ আকৰ্ষণ পৰম্পৰাগত চুঙাপিঠাৰ দৃশ্যও দেখুওৱা হৈছে। আকৰ্ষণীয় বিষয়টো হৈছে মেজিঘৰত কৃত্ৰিমভাবে জ্বলি থকা একুৰা জুইয়ে যাত্ৰীসকলৰ লগতে বিমানকোঠটোৰ সকলো কৰ্মচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।