আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা, লাহৰিঘাটৰ ধুপগুৰিৰ বুমতলা গাঁৱত মাছ ধৰাত ব্যস্ত পুৰুষ-মহিলা

 01/13/2022 - 14:28
 
 
 
লাহৰীঘাটঃ আজি উৰুকা। উৰুকাৰ আনন্দৰ মাজতে মাছ ধৰাত নামি পৰিছে গঞা ৰাইজ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো দেখা পোৱা গৈছে সমূহীয়া মাছ ধৰা পৰ্ব। লাহৰিঘাটৰ ধুপগুৰীৰ বুমতলা গাঁওবাসীয়ে সমূহীয়াভাৱে সৰু-ডাঙৰ মাছ ধৰাৰ বাবে হেতাওপৰা লগোৱা দেখা গৈছে। উৰুকাৰ নিশা লগেভাগে এসাঁজ খোৱাৰ মানসেৰে এনেদৰে ভীৰ কৰা দেখা গৈছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।