কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ দেহাৱসান

 01/17/2022 - 13:17
 
 
 
নিউজ ডেস্কঃ কিংবদন্তী কথক নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ৷ কথক নৃত্যশিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগী আৰু শিষ্যসকল শোকত ম্ৰিয়মাণ হৈ পৰা দেখা গৈছে৷ বিৰজু মহাৰাজক তেওঁৰ শিষ্য আৰু অনুগামীসকলে পণ্ডিতজী বা মহাৰাজজী অভিধাৰে অভিহিত কৰিছিল৷
 
ভাৰতৰ প্ৰখ্যাত কথক নৃত্যশিল্পীগৰাকী দেওবাৰে দিল্লীস্থ তেওঁৰ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈছিল।কিংবদন্তী কথক নৃত্যশিল্পীগৰাকী এজন খ্যাতনামা ঢোলবাদকো আছিল, প্ৰায় সকলো ড্ৰাম সহজে আৰু নিখুঁতভাৱে বজাইছিল৷ তেওঁৰ অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰি তেওঁ বিশেষকৈ তবলা আৰু নাল বজাবলৈ ভাল পাইছিল। এগৰাকী কণ্ঠশিল্পীও আছিল বিৰজু মহাৰাজ৷ থুমৰী, দাদৰা, ভজন আৰু গজলৰ ওপৰত তেওঁৰ প্ৰতিভাৰ পোহৰ পৰিছিল৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।