হোজাইত পিয়াহৰ পানী টুপিয়ে বিপদ মাতিছে বহুতৰ জীৱনলৈ

 06/06/2019 - 13:23

কামপুৰঃ এটা অভিশপ্ত এলেকা। এই এলেকাৰ কণ কণ শিশুসকলৰ শৈশৱৰ ৰং বিবৰ্ণ কৰি তুলিছে; অকালতে বৃদ্ধত্বক আঁকোৱালি ল'ব লগা হৈছে বহুতে। ভূগৰ্ভস্থ ফ্ল'ৰাইড মিহলি বিষাক্ত পানী সেৱন কৰাৰ পৰিণতিত হোজাই নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৰ লোকে এতিয়া চকুলো টুকিব লগা হৈছে। কিন্তু পৰিৰ্বতনৰ শ্ল'গান দিয়া চৰকাৰখনে কিমান পৰিৰ্বতন কৰিব পাৰিলে এই সকল লোকৰ?

এই অঞ্চলবোৰত ২০১২ চনতে কাম হাতত লোৱা বহুকেইখন আঁচনিৰ কাম আজিও সম্পূৰ্ণ নহ'ল। ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি অবিভক্ত নগাঁও জিলাত বিগত দিনবোৰত ভয়াবহ ৰূপত দেখা দিয়া ফ্ল'ৰচিচ ৰোগে বহুলোকৰ জীৱনলৈ অমানিশা নমাই আনিছে। নগাঁও হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ সীামান্তৱৰ্তী এলেকা তপতজুৰি লুটুমাৰী কন্দলী আদি এলেকাত পিয়াহৰ পানী টুপিত মিহলি হৈ থকা বিষে সমগ্ৰ অঞ্চল অভিশপ্ত কৰি তুলিছে।

কাৰোবাৰ দাঁত বেয়া হৈ গৈছে, কাৰোবাৰ দুই হাত দুই ভৰি বেঁকা হৈ গৈছে; কাৰো ডিঙি বেঁকা হৈ গৈছে। জীৱনৰ আৰম্ভণিতে এইসকলে ল'বলগীয়া হৈছিল পঙ্গুত্ব জীৱন। বিশেষকৈ হোজাই জিলাৰ তপতজুৰি এলেকাৰ শ শ লোকে ফ্ল'ৰছিচ ৰোগত আক্ৰান্ত হৈছে যদিও এইৰোগ নিৰাময়ৰ বাবে বৰ্তমান চৰকাৰখনে বিশেষ ব্যৱস্থা হাতত লোৱা নাই।

দূষিত পানী সেৱনৰ ফলত হোৱা এই ৰোগ নিৰাময়ৰ বাবে চৰকাৰে এই লোকসকলৰ মাজত বিশুদ্ধ পানী যোগান ধৰিব পৰা নাই। ২০১২ চনত এই অঞ্চলসমূহত কাম হাতত লোৱা বহুকেইখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱাপানী আঁচনি বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল। নগাঁও হোজাই জিলাত বৰ্তমান বন্ধ হৈ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহুকেইখন খোৱাপানী যোগান আঁচনি।

ইফালে চৰকাৰে এই সকল লোকৰ চিকিৎসাৰ বাবে কোনো পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উঠিছে। তাৰোপৰি আক্ৰান্তিত লোকসকলৰ সংস্থাপনৰ বাবে চৰকাৰে দহ হাজাৰকৈ টকাকৈ আগবঢ়াইছিল যদিও সকলো আক্ৰান্তিত লোকে নাপালে বুলি অভিযোগ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।