01/17/2022 - 16:02
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আগ্ৰীপামত আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই “চৰণ তেল ডিপু” নামৰ এটি অত্যাধুনিক তেল ডিপুৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে। তেল ডিপুটো উদ্বোধন কৰি দিয়া ভাষন প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে আজিৰ পৰা এই অঞ্চলৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ল৷
বিশেষকৈ চতিয়া সমষ্টিৰ ভিতৰুৱা অঞ্চল ৰঙাচকুৱা, মৰিসুতি, বৰদিকৰাই, এজাৰগুৰি, মংগলবৰীয়া, বাটমাৰী আৰু বালিজুৰি আদি অঞ্চলসমূহৰ পৰা অত্যাধুনিক পথেৰে টুপীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী আৰু অৰুণাচল প্ৰদেশলৈ সংযুক্ত হৈ অতিকৈ পিছপৰা অঞ্চলটোৰ ৰাইজে এই তেল ডিপুটোৰ জৰিয়তে যথেষ্ট সুবিধা গ্ৰহণ কৰিব। নিজৰ অত্যাধিক ব্যস্ততাৰ মাজতো আজিৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এচ, আৰ কোম্পানী তথা চৰন তেল ডিপুৰ স্বত্বাধিকাৰ গকুল ছেত্ৰীক বিশেষভাৱে উৎসাহিত কৰাৰ লগতে সমূহ কৰ্তৃপক্ষকো শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে।