সৰুপথাৰত পথ দুৰ্ঘটনাত নিহত ২ যুৱক

 06/06/2019 - 13:23

সৰুপথাৰঃ সৰুপথাৰৰ ছেৱাগুৰীত বুধবাৰে সংঘটিত ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনাত ২ জন যুৱকৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল তিনি বাইক আৰোহী। ৩ আৰোহীৰ ভিতৰত নিহত হৈছে দুই যুৱক।

দুৰ্ঘটনাৰ পিছতে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ নিয়া হৈছিল যুৱক কেইজনক। নিশা ডিমাপুৰৰ চিকিৎসালয়ত জাকিৰ আলি(২২) আৰু ছৰিফুল আলি(১৫) নামৰ দুই যুৱকৰ মৃত্যু হয়। মইনুল হক নামৰ আনজন যুৱক সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।