বৰপেটাৰ ছয়সীমানা বজাৰত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ নগদ ধন, জুৱা খেলৰ সামগ্ৰীসহ পাঁচজন জুৱাৰীক আটক

 01/18/2022 - 15:56
 
 
নগৰবেৰাঃ বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়সীমানা বজাৰত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত নগদ ধন, জুৱা খেলৰ সামগ্ৰীসহ মুঠ পাঁচজন জুৱাৰীক আটক আৰক্ষীৰ। জিলাখনৰ উল্লেখিত আৰক্ষী থানাৰ এলেকাধীন ছয়সীমানা বজাৰত মুকলিভাৱে একাংশ লোকে দীৰ্ঘদিনৰে পৰা চলাই আহিছিল জুৱা খেলৰ আড্ডা।
 
বিশেষ সূত্ৰে উক্ত জুৱা খেলৰ খৱৰ লাভ কৰি আলোপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত এক অতৰ্কিতে অভিযান চলোৱা হয় আৰু এই অভিযান কালত বজাৰ খনত এক হুলস্থুলীয়া পৰিৱেশৰ মাজতেই। জুৱা খেলি থকা অৱস্থাত গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সিধাবাৰী গাঁৱৰ আকাব্বৰ আলী, বহুতি চৰৰ ৰহমত আলী, আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কদমতোলাৰ ৰাজ আলী, বসন্তপুৰৰ গোলাম মস্তোফা আৰু ছয়সীমানা বজাৰ এলেকাৰ জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখিত জুৱাৰী সকলৰ পৰা নগদ ১৯ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ জুৱা খেলৰ সামগ্ৰী আৰক্ষীয়ে জব্দ কৰে। ধৃত আটাইকেইজন জুৱাৰীকে আৰক্ষীয়ে মঙলবাৰে ৰাতিপুৱা জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষী বিষয়া গৰাকীয়ে লোৱা এনে পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।