01/18/2022 - 16:04
in
কামপুৰঃ পৰম্পৰা ৰক্ষা কৰি আজিৰ পৰা মধ্য অসমৰ তিৱাসকলে আয়োজন কৰিছে মাঘ বিহু। তিৱা লোকসকলৰ মাজত প্ৰচলিত পৰম্পৰা অনুসৰি মাঘ মাহৰ পহিলা মঙলবাৰ আৰু বুধবাৰে তেওঁলোকে বিহু উদযাপন কৰে। আজি মাঘ মাহৰ প্ৰথমটো মঙলবাৰত কঠিয়াতলী অঞ্চলৰ তিৱা সকলে অনুষ্ঠিত কৰে উৰুকা। আজি পুৱা তিৱাসকলে পূজা পাতলৰে মাংগলিক কাৰ্যসূচী আৰম্ভ কৰি বুকলুং বিলত সমূহীয়াকৈ মাছ ধৰে। বুধবাৰে বিহু উপলক্ষে ভেলাঘৰত সমূহীয়াকৈ এসাজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে।