লখিমপুৰত ৩৫০ গৰাকী ৰোগীক লঘু আহাৰ আৰু বিশুদ্ধ খোৱাপানী বিতৰণ মুছলিম গণ মঞ্চৰ

 06/06/2019 - 13:33

লখিমপুৰঃ পৱিত্ৰ ঈদৰ আনন্দ যাতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সমাজৰ দুখীয়া ৰোগীসকলেও উপভোগ কৰিব পাৰে আৰু হিন্দু-মুছলমানৰ ভাতৃত্ব এনাজৰী অটুট ৰক্ষাৰ প্ৰচেষ্টাৰে লখিমপুৰ জিলা মুছলিম গণ মঞ্চই পৱিত্ৰ ঈদৰ দিনটোত লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰায় ৩৫০ গৰাকী ৰোগীক লঘু আহাৰ আৰু বিশুদ্ধ খোৱাপানী বিতৰণ কৰে।

মুছলিম গণ মঞ্চই লঘু আহাৰ আৰু খোৱাপানী বিতৰণ কৰা কাৰ্য্যসূচীত সহযোগ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কেইবাটাও সংগঠনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।