এয়া বিবাহ বিচ্ছেদ নহয়, এয়া পতি-পত্নীৰ কাজিয়া, সংসাৰত ধৈৰ্য্য লাগে- ধনুষৰ পিতৃ

 01/20/2022 - 13:07
 
 
 
নিউজ ডেস্কঃ জনপ্ৰিয় তাৰকা ধনুষ আৰু ঐশ্বৰ্য ৰজনীকান্তৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে হতভম্ব কৰি তুলিলে। ঐশ্বৰ্য ৰজনীকান্ত হৈছে দক্ষিণৰ ছবিজগতৰ কিংবদন্তি অভিনেতা ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা। ধনুষে প্ৰথমে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। বিবাহৰ ১৮ বছৰৰ পাছত এই চেলিব্ৰিটি দম্পতীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লয় আৰু তেওঁলোকৰ আনুষ্ঠানিক বিবৃতিত গোপনীয়তা ৰক্ষা কৰাটো বিচাৰে। ধনুষৰ পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা কস্তুৰী ৰাজাইয়েও ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু কৈছিল যে “এয়া বিবাহ বিচ্ছেদ নহয়, এয়া কেৱল এক পাৰিবাৰিক কাজিয়া।পতি-পত্নীৰ মাজত কাজিয়া লাগেই। ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদ কেৱল কিছুমান কথাৰ মাজত থকা পাৰ্থক্য আৰু মতবিৰোধৰ বাবেহে হৈছে। এয়া এক পাৰিবাৰিক কাজিয়া যি সাধাৰণতে সকলো বিবাহিত দম্পতীৰ মাজত সংঘটিত হয়। এয়া বিবাহ বিচ্ছেদ নহয়। সংসাৰ চলাবলৈ ধৈৰ্য লাগে।”ধনুষৰ পিতৃয়ে লগতে কয়, “ধনুষ আৰু ঐশ্বৰ্য বৰ্তমান চেন্নাইত নাই। দুয়ো হায়দৰাবাদত আছে। মই দুয়োৰে সৈতে ফোনত কথা পাতিছিলো আৰু তেওঁলোকক কিছু পৰামৰ্শ দিছোঁ, চাওঁচোন কি হয়গৈ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।