পত্নীৰ বাবে উপহাৰ নিবলৈ আহি প্ৰাণ দিলে প্ৰাঞ্জলে

 06/06/2019 - 13:51

চামগুৰিঃ চামগুৰিৰ ৰঙাগৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুণ্ডা দুই বাইক আৰোহীৰ। দুৰ্ঘটনাত থিতাতে নিহত প্ৰাঞ্জল প্ৰধান নামৰ এজন লোক।

নিহত প্ৰাঞ্জল প্ৰধানৰ ঘৰ চামগুৰিৰ আমলখিত। প্ৰথম বিবাহ বাৰ্ষিকী উপলক্ষে পত্নীৰ বাবে উপহাৰ নিবলৈ আহিছিল প্ৰাঞ্জলে।

গুৰুতৰভাবে আহত বিনয় বেহেৰাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ। এই শোকাৱহ দুৰ্ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।