সমাগত গণৰাজ্য দিৱস, ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

 01/20/2022 - 13:50
 
 
 
 
নিউজ ডেস্কঃ সমাগত গণৰাজ্য দিৱস। ২৬ জানুৱাৰীত উদযাপন কৰিব এই দিৱস। বজাৰত উপলব্ধ হৈছে তিনিবৰণীয়া জাতীয় পতাকা।এইবাৰ গনৰাজ্য দিৱস উপলক্ষ্যে ব্যস্ততা বাঢ়িছে অসম খাদী বোৰ্ডৰ।এয়া প্ৰথমবাৰৰ বাবে নহয় ইয়াৰ পূৰ্বেও গনৰাজ্য দিৱস হওক অথবা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিছ বোৰ্ডে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰি বজাৰত বিভিন্ন দৰত বিক্ৰী কৰা পৰিলক্ষিত হয়।
 
দিনে-নিশাই খাদী বোৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিথে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত। খাদী বোৰ্ডৰ এগৰাকী উচ্চ পদস্থ বিষয়া বিপুল হাজৰিকাই কয় যে ৭৩ তম গণৰাজ্য দিৱস উপলক্ষ্যে আমি ১১.২০ লাখ টকাৰ মূল্যৰ প্ৰায় ৫৪০০ খন ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাৰ লক্ষ্য বান্ধি লৈছো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।