কাজিৰঙাত হ্ৰাস জলচৰ পক্ষীৰ সংখ্যা

 01/20/2022 - 14:03
 
 
নিউজ ডেস্কঃ যোৱা ডিচেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজার্ভৰ অন্তৰ্গত জলাশয়বোৰত বিশেষকৈ জলচৰ পক্ষী গণনা কৰা হৈছিল। মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ২০২১-২২ বৰ্ষত কৰা জলচৰ পক্ষী গণনাৰ ফলাফল ঘোষণা কৰে। ফলাফলৰ তথ্য অনুসৰি ২০২০-২১ বৰ্ষৰ গণনাত মুঠ ৬৬,৭৭৬টা জলচৰ পক্ষী পোৱা গৈছিল।
 
তাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৬,২৪৭টা, বিশ্বনাথ বন সংমণ্ডল এলেকাত ৫, ৯৫৮টা আৰু নগাঁও বন সংমণ্ডলৰ অধীনত ২৪,৫৭১টা জলচৰ পক্ষী গণনাত পোৱা গৈছে। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিবাৰকৈ জলচৰ পক্ষী গণনা কৰা হৈছিল।তথ্য মতে, ২০১৮-১৯ বৰ্ষত প্রথম জলচৰ পক্ষী কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গণনা কৰি ১০, ৪১২টা পক্ষী পোৱা গৈছিল।
 
দ্বিতীয় জলচৰ পক্ষী গণনা ২০১৯-২০ ত কৰি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অধীনত ৩৪, ২৮৪টা আৰু ২০২০ ২১ ব তৃতীয় গণনাত ৯৩, ৫৪৩টা জলচৰ পক্ষী পোৱা গৈছিল।গুৰুত্বপূর্ণ কথা যে, বিগত বৰ্ষত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অধীনত নগাঁও বন সংমণ্ডলৰ লাওখোৱা-বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যত ৭১,৯৫৭টা জলচৰ পক্ষী পোৱা গৈছিল যদিও এইবাৰ মাত্র ২৪, ৫৭১ টাহে পোৱা গ’ল। সাংঘাতিক ভাৱে হ্রাস পালে ৪৭, ৩৮৬টা জলচৰ পক্ষী। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।