মৰিয়নীৰ কঠালগুৰিত ভলীবল খেলুৱৈ ৰূপত সাংসদ তপন গগৈ

 01/20/2022 - 14:17
 
মৰিয়নীঃ অসমৰ বিভিন্ন লোকসভা সমষ্টিত সাংসদ কাপ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আজি মৰিয়নী কঠালগুৰি চাহ-বাগিচাৰ খেল পথাৰতো ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলাৰ ক্ৰীড়া কোষৰ উদ্যোগত ১০১ নং মৰিয়নী সমষ্টিৰ চেলেংহাট আৰু মৰিয়নী মণ্ডলৰ সহযোগত (পুৰুষ)ৰ ভলীবল আৰু (মহিলা)ৰ কাবাডি খেলখন অনুষ্ঠিত হয়৷
 
প্ৰতিযোগিতাত ১৬ টা পুৰুষৰ ভলিবল দল আৰু ১২ টা মহিলাৰ কাবাডি দলে অংশগ্ৰহণ কৰে। ভলিবল আৰু কাবাডি খেলখন শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। লগত উপস্থিত থাকে লোক সভাৰ সাংসদ তপন গগৈ আৰু মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.