ভাৰতত ২৪ ঘণ্টাত ক’ভিড-১৯ ত আক্ৰান্ত ৩ লাখ ১৭ হাজাৰ লোক

 01/20/2022 - 14:41
 
 
নিউজ ডেস্কঃ অভিলেখ সৃষ্টি কৰি দেশত ২৪ঘণ্টাত ৩লাখ ১৭হাজাৰ ৫৩২গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰণাত। উক্ত সময়চোৱাত ২লাখ ২৩হাজাৰ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে প্ৰাণ গৈছে ৪৯১গৰাকী ৰোগীৰ। ভাৰতত চিকিৎসাধীন ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান প্ৰায় ২০লাখ ৰোগী চিকিৎসাধীন হৈ আছে দেশত। দেশত পজিটিভৰ হাৰ ১৬.৪১শতাংশলৈ বৃদ্ধি পাইছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।