জামুগুৰিহাটৰ উত্তৰমূঢ়াদল গাঁওপঞ্চায়তত ছয়টাকৈ উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন

 01/20/2022 - 17:48
 
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত এলেকাত বৃহস্পতিবাৰে ছয়খনকৈ উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰা হয়৷ পঞ্চায়তটোৰ অন্তৰ্গত মঙলবৰীয়া গড়কাপ্তানী পথৰ পৰা কাফলে চুবুৰি সংযোগী পথ, মৰিসুতি ঠাকুৰবাৰী পৰা মোহন কোঁৱৰী বাসগৃহ সংযোগী পথ, ৫ নং জয়পুৰৰ কাল ভৈৰৱ শিৱ মন্দিৰৰ লগতে গৰম মাঠা কালি মন্দিৰৰ নিৰ্মাণৰ আজি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে৷
 
পথৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষন প্ৰসংগত সভাপতি গৰাকীয়ে কয় যে- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত আমি উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছো৷ সমষ্টিটোৰ দুখীয়া দৰিদ্ৰ ৰাইজ উপকৃত হব পৰাকৈ বিধায়ক গৰাকীয়ে যি কৰ্মসূচী যুগুত কৰিছে সেইলৈ আমি বিশেষভাৱে সুখী আৰু সাফল্যমণ্ডিত হব পাৰিছো৷ আধাৰ শিলা অনুষ্ঠানত পঞ্চায়তৰ কৰ্মকৰ্তাসকলৰ লগতে কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্ৰাচাৰ্য্য, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, জেষ্ঠ সমাজকৰ্মী প্ৰবিন দাস আদিয়ে অংশগ্ৰহণ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।