চামগুৰিৰ ভৰাগুৰিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

 06/06/2019 - 14:01

চামগুৰিঃ চামগুৰিৰ ভৰাগুৰিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। ভৰাগুৰিৰ পামগাঁৱত এটা পুখুৰীত পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিলে এটা মৃতদেহ।

মৃতদেহটো স্থানীয় বয়সীয়াল ব্যক্তি গনেশ মুড়াৰ বুলি চিনাক্ত কৰা হৈছে। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল গনেশ মুড়া।

ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ চমজি লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।